16/07/2025
' বৰ্ণিল জীৱন'
খণ্ড ১
এখন অটব্য হাবি । কাষতে এখন প্ৰাথমিক বিদ্যালয় । দুজোপা গছৰ মাজত কলগছৰ শুকান পাত আৰু ফটা কাপোৰেৰে বনোৱা এডাল ৰছীৰে টানি তাৰ ওপৰে পাৰ হৈ যোৱা কেইটাক পেলোৱাটোৱে খেলৰ নিয়ম ।
দুপৰীয়া সময় । বিদ্যালয়ৰ ঘণ্টাতো বাজিবলৈ বাকী । সবৰে দৌৰ । ভাস্কৰ টিফিন কি আনিছা ? শংকৰে সুধিছে । বুট ভাজি লগত ৰুটী । বʼলা । কʼত । কিয় শক্তিমান নেখেলা নিকি ? অ যাঁও । কি হʼল মনতো বেয়া যে ! নাই দেউতা গা তো ভাল নহয় । অʼই বʼল বʼল কি কৰি আছ ? উত্তম চিঞৰিছে । আজি এক ঘণ্টা পাম । শুক্ৰবাৰ ন ।
(আগলৈ)