05/04/2025
মৰিয়নি বিধান সভা সমষ্টিৰ অন্তৰ্গত নগাধুলি চাহ বাগিছাৰ বিশাল ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম তাঁতি সভাৰ ৪৮ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত তেখেত সকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্হিত থাকো।অতি সুন্দৰকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটোত সমাজ খনৰ জেষ্ঠ্য সকলক লগ পাই খুবেই ভাল লাগিল।শিক্ষাবিদ,সাহিত্যিক,শিল্পী,সংগঠক,ৰাজনীতিবিদ আৰু ট্ৰেড ইউনিয়নৰ কেইবা গৰাকী বিশিষ্ট সংগঠকক লগ পাই যথেষ্ট উপকৃত হলো। আদিবাসী চাহ শ্ৰমিক সমাজ খনৰ ঐতিহাসিক শোষণ-বঞ্চনাৰ সন্দৰ্ভত আলোকপাত কৰাৰ সমান্তৰাল ভাৱে অসমৰ বুকুত জনগোষ্ঠীটোৰ ঐতিহাসিক নি-স্বাৰ্থ ত্যাগ আৰু অৱদানৰ সম্পৰ্কত আমাৰ বক্তৱ্য ৰাখো।জাতিটোৰ অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰাম খন অধিক পৰিকল্পিত,পৰিপক্ক,শক্তিশালী কৰাৰ নিমিত্তে সকলোৰে সহযোগিতা কামনা কৰি আমাৰ মতামত প্ৰকাশ কৰিলো।