17/05/2026
ুৰী_বাৰ্তা_
সকলোলৈকে সাদৰ সম্ভাষণ জনালোঁ। Shivam super seeds & nuts পৰিয়ালৰ এজন হিচাপে নিবেদন কৰোঁ যে, ইতিমধ্যে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ যিমান অৰ্দাৰ আছিল তাৰেই ৯৮% ডেলিভাৰী দিয়া হৈ গৈছে যদিও, কেতবোৰ প্ৰযুক্তিগত কাৰণত তথা এজন franchise ৰ কিছু খেলিমেলিৰ বাবে সেই কেইমাহৰ অৰ্দাৰ দুই এজনে আজিও ডেলিভাৰী পোৱা নাই। সেই সকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে জনাওঁ যে, আপোনালোকে বিনম্ৰতাৰেই যেন 080994 68317 ত whatsapp কৰি আপোনাৰ অৰ্দাৰৰ পৰিমণ আৰু অৰ্দাৰৰ তাৰিখটো জনাই দিয়ে। লগে লগেই আমি আপোনাৰ অৰ্দাৰটো পোষ্টেলত লগাই দিম। বিনম্ৰতাৰে বুলি এইবাবেই কৈছোঁ যে দুই এজনে আমাৰ কৰ্মচাৰীক বৰ অভব্য আচৰণ কৰে। সিদিনা ৰহাৰ এগৰাকী বাইদেৱে আমাৰ এগৰাকী local franchise ড. বিদিশা কাকতি বাইদেউক " হ'ল হ'ল পইচা ঘূৰাই দে অ'...." এইধৰণৰ ব্যৱহাৰ কৰি নিজৰ আচৰণ তথা সংস্কাৰৰ লগত আমাক চিনাকী কৰি দি কৃতাৰ্থ কৰিছে। আমাক ফোন কৰিব পাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ __ আপোনাৰ অৰ্দাৰৰ ষ্টেটাচ জনাৰ বাবে। আমাক ফোন কৰি ফোন মিছ হৈ গ'লেও আমাৰ ফালৰ পৰা call back নকৰা বুলি আজিলৈ কোনেও ক'ব নোৱাৰে।কিন্তু, পুৱা ৪ বজাত নিশা ১০ বজাৰ পাছতো ফোন কৰিলে যদি ফোন ৰিছিভ নহয় বা আমি দিয়া ফোন কৰা সমৰ বাহিৰত ফোন কৰিলে যদি ফোন ৰিছিভ নহয় তেন্তে আমাক বেয়াকৈ নকব। কিয়নো আমাৰ কৰ্মচাৰী সকলে কামহে কৰি আছে, একো অপৰাধ কৰা নাই যে পুৱতি নিশা টোপনি যাব নোৱাৰিব বা নিশা শুই থকাটোও পাপ হ'ব পাৰে।
ওপৰৰ কথাখিনি দুই এজনক মাত্ৰ কোৱা হৈছে, সকলোৱে যেন গাত পাতি নলয় please 🙏। বাকী সকলো লোকেই মহান আৰু বুজি পায়। বাকী যদি আপোনাৰ অৰ্দাৰটো ৩ মাহ হৈ গৈছে আৰু আপুনি সম্পৰ্ক কৰিব বিচাৰিও কোনো উত্তৰ তিনিবাৰলৈ পোৱা নাই বা আপোনাৰ ফোনো উঠোৱা নাই বুলি ক'ব পাৰে তেন্তে নিশ্চয় refund claim কৰিব পাৰে আৰু সেই refund within 24 hours তেই দি দিয়া হয়। তেনে refund লোৱা কেইবাগৰাকীৰ প্ৰমাণ আপোনালোকে বিচাৰিলে দিব পাৰোঁ ( অবশ্যে তেওঁলোকে ধৈৰ্য ধৰিব নোৱাৰি refund ল'লে)
আমাৰ এই উদ্যোগ অসমৰ বিশ্বনাথ জিলাত হয়। Google ত Shivam super seeds and nuts ৰ ঠিকনা বিচাৰিলেও পায় যাব, ফোন নং available আছে। যোগাযোগ কৰিবলৈও সহজ, তাৰপাছত ইমান ভয় খোৱাৰ প্ৰয়োজন নাই।
আমাৰ দেৰি হোৱাৰ কাৰণ_
১. অৰ্দাৰ মাত্ৰাধিক থাকে আৰু সকলোৰে বাবে বেলেগে অনুপাত মিলাই বনাব লগা হয়।
২. গুটিবোৰ সময়ত আহি নাপায়।
৩. বন্ধ বা উৎসৱ আদি থাকিলে কাম বন্ধ থাকে
৪. মেশ্যিনবোৰ সৰু আৰু ই একেবাৰে ঘৰুৱা থলুৱা উদ্যোগ হয়।
৫. বতৰ ডাৱৰীয়া থাকিলে গুটিবোৰ শুকুৱাব নোৱাৰি বাবে দেৰি হয়।
গতিকে এই কথাখিনি যদি ভালদৰে আমি পঢ়ি চাওঁ আমি নিশ্চিত ভাৱে বুজি পাম। আমি আগৰ অৰ্দাৰ পঠাই শেষ নোহোৱালৈকে নতুন অৰ্দাৰো লোৱা প্ৰায় বন্ধ কৰা হৈছে। সেয়ে আপুনি নিৰ্ভয়ে থাকক, আৰু শংকা জাগিলে আমি দিয়া নাম্বাৰটোত নিৰ্ধাৰিত সময়ত ফোন কৰক।
পুনৰ কৈছোঁ যদি ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত থকা কোনো অৰ্দাৰ পোৱা নাই তেন্তে উক্ত নাম্বাৰত whatsapp কৰক। কমেণ্টত নাই পোৱা বুলি নিলিখিব, কিয়নো কমেণ্টত নাই পোৱা নাই পোৱা বুলি লিখি থোৱা কোনো এজনেও আজিলৈকে পোৱাৰ পাছত পালোঁ বুলি কমেণ্ট কৰা নাই। সেয়ে, নাইপোৱা বুলি কমেণ্ট দেখিলে আনে ভয় খোৱাটো স্বাভাৱিক।
আপুনি বুজি পোৱাৰ বাবে ধন্যবাদ। আশাকৰোঁ কিব থাকিলে উক্ত নিয়মত যোগাযোগ কৰিব। সুস্থ থাকক, সুখৰে থাকক। সেৱা জনালোঁ।
while message to know status please behave softly, any educated person replies you from this side. 🙏
( Note- refund আন দুই এজনৰ দৰে পইচাৰ দৰকাৰ হোৱাৰ বাবেই যেন নিবিচাৰে। যদি ৩ মাহ পাৰ হৈ গৈছে আৰু আপুনি ফোন মেছেজ আদিত কোনো উত্তৰ পোৱা নাই তেন্তে refund পাব। নহ'লে আপোনাৰ অৰ্দাৰটোয়েই পঠাই দিয়া হ'ব, ধন্যবাদ)