31/05/2024
দক্ষিণ কামৰূপৰ সানপাৰা(সউদপাৰা) গাঁৱত অনুস্থিত এক জেঠ মহীয়া নাম-প্ৰসংগৰ পিছত মাহ-প্ৰসাদ গ্ৰহণ কৰি বিষক্ৰিয়াত আক্ৰান্ত সানপাৰা গাঁওৰ উপ-স্বাস্থ্য কেন্দ্ৰত আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ এটি সজাতি দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লওঁ । আৰু বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা কামৰূপ জাতীয় বিদ্যালয় ,মিৰ্জাৰ কণমানি ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সমবেদনা তথা আত্মাৰ সদগতি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ লগতে অঞ্চলবাসী ৰাইজ অতি সোনকালে আৰোগ্য হওক তাকে কামনা কৰিছোঁ ।