Aanan's Pickles & More

Aanan's Pickles & More Helps digestion. Fermented pickles are full of good bacteria called probiotics, which are important for gut health.

গণেশ পূজাৰ লগত সংগতি ৰাখি যোৱা ৩১ আগষ্ট ২০২২ ত আমাৰ কায্যালয় মুকলি কৰা হল ।এতিয়াৰ পৰা আমাৰ সকলো কাম কাজ নেহেৰু পাৰ্কস্থি...
03/09/2022

গণেশ পূজাৰ লগত সংগতি ৰাখি যোৱা ৩১ আগষ্ট ২০২২ ত আমাৰ কায্যালয় মুকলি কৰা হল ।

এতিয়াৰ পৰা আমাৰ সকলো কাম কাজ নেহেৰু পাৰ্কস্থিত এই কায্যালয়ৰ পৰা পৰিচালিত হৱ ।

Mrs. Maghalee Bora, Founder of Megha's Food Product  has running the business of Pickles, Squashs etc. for almost 20 yea...
21/08/2022

Mrs. Maghalee Bora, Founder of Megha's Food Product has running the business of Pickles, Squashs etc. for almost 20 years.

Aanan's Pickles & More is the subsidiary of Megha's Food Product.

১৯৯৭ চন।স্বামীৰ ব্যৱসায়ত দুৰ্দিন আহি পৰা বাবে দুটা সন্তানেৰে ঘৰ এখন চলোৱাটো চিন্তাৰ বিষয় হৈ পৰিছিল মেঘালী বৰাৰ বাবে। স্বামীক সহায় কৰাৰ লগতে ঘৰখনৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ বাবে নিজে কিবা এটা কৰাৰ কথা চিন্তা কৰিছিল। কিন্তু দ্বাদশ শ্ৰেণীতে শিক্ষা সমাপ্ত কৰাৰ বাবে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিও বিফল হৈছিল। কিন্তু ভাগ্যৰ ওচৰত হাৰ নামানি মেঘালী বৰাই হাতত থকা ৫০০ টকা মূলধনেৰে প্ৰয়োজনীয় সামগ্ৰী কিনি নাৰিকলৰ লাড়ু বনাই গ্ৰচাৰী দোকান এখনত বিক্ৰী কৰিছিল।

সেয়াই আৰম্ভণি। নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান 'মেঘা ফুড প্ৰডাক্টছ'ৰ স্বত্বাধিকাৰী মেঘালী বৰাই নিজে স্বাৱলম্বী হোৱাৰ লগতে পোনপটীয়াকৈ বাৰটা পৰিয়াল আৰু শতাধিক মানুহক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্ট ৱমেন অ'ন্ট্ৰপ্ৰিনিঅ'ৰ,'অসম উদ্যোগ প্ৰেৰণা এৱাৰ্ড', আউটষ্টেণ্ডিঙ পাৰ্ফমেন্স ৱমেন এমপাৱাৰমেন্ট এৱাৰ্ড' আদিৰে সন্মানিত হৈছে।

মেঘালী বৰাই ব্যক্ত কৰে তেওঁৰ ব্যৱসায়ৰ সফল পৰিক্ৰমা। নাৰিকল লাড়ুৰে ব্যৱসায়ৰ পাতনি স্বামীৰ ব্যৱসায়ত যেতিয়া দুৰ্দিন আহিল, মই তেতিয়া স্বামীক আৰ্থিক সকাহ দিয়াৰ লগতে কিবা এটা কৰাৰ কথা ভাবিলোঁ।তেতিয়া স্বামীৰ চাকৰিৰ সূত্ৰে নাজিৰাত আছিলো।মোৰ হাতত থকা পাঁচশ টকাৰে নাৰিকল,চেনি আদি কিনি নাৰিকল লাড়ু বনাই যিখন গ্ৰচাৰী দোকানৰ পৰা আমি বজাৰ কৰোঁ প্ৰথম সেইখনতে দিছিলো। তেতিয়া মই এটা নাৰিকল লাড়ু তিনি টকা মূল্যত বিক্ৰী কৰিছিলো। ১৯৯৭ চনৰ মাৰ্চ মাহৰ মাজভাগৰ পৰা মই এই ব্যৱসায় আৰম্ভ কৰিছিলো। আৰু এপ্ৰিলৰ বিহুৰ ওচৰলৈকে মোৰ পোন্ধৰ হাজাৰ টকা আয় হৈছিল। মোৰ স্বামীয়েও মোৰ কামত সহায় কৰিছিল। চাৰি মহীয়া সন্তান কোলাত লৈ ৰাতি এটা বজালৈকে পেকেট ছীল কৰা কাম কৰিছিলো।

মই ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোঁতে মায়ে ফুড প্ৰচেচিঙৰ এটা প্ৰশিক্ষণ লৈছিল। মহিলা সমিতি আছিল। সেই মহিলা সমিতি সমূহত কৃষি বিভাগৰ পৰা বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰিছিল। মাক সহায় কৰি দিওঁতে ময়ো অলপ শিকিছিলো। প্ৰশিক্ষণৰ কথাবোৰ টোকা কৰি থোৱা মাৰ বহী খন মোৰ লগত আছিল। সেইখন চাই নাৰিকল লাড়ুৰ লগতে জলকীয়া আচাৰ, আমৰ আচাৰ, সৰিয়হৰ আচাৰ, খাৰলি, কাহুঁদী আদিৰ দহ টকীয়া পেকেট বনাই দোকানত দিছিলো।গ্ৰাহকৰ খুব ভাল সঁহাৰি পালো। মোৰ প্ৰডাক্ট দোকানত ছৰ্ট হলে কাষ্টমাৰে ডিমাণ্ড দিছিল।

প্ৰথমে দোকানত প্ৰডাক্ট দিবলৈ যাওঁতে স্বামীৰ সংকোচ হৈছিল, চিনাকি মানুহ দেখিলে সংকোচ কৰিছিল। কিন্তু তেওঁৰ এই সংকোচ ভাব নোহোৱা কৰিলে তেওঁৰ এজন বন্ধুৱে। তেওঁ স্বামীক বুজাইছিল যে আন ব্ৰেণ্ডেড কম্পেনিৰ সামগ্ৰীৰ লগত তোমাৰ প্ৰডাক্ট সমানে চলি আছে।তুমি এজন মেনুফেকচাৰাৰ। তুমি মালিক। গতিকে এই কথা লৈ গৌৰৱ হে কৰিব লাগে। সেই কথাই স্বামীৰ সংকোচ ভাৱ আঁতৰ কৰিছিল।

তাৰ পাছত আমি যোৰহাটলৈ ঘূৰি আহিলো। কাষৰ মানুহ এঘৰৰ ৰূম এটা ভাৰা লৈ আকৌ ব্যৱসায় আৰম্ভ কৰিলো।স্বামীয়ে পেকেজিঙৰ কথা চিন্তা কৰিছিল।বেলৰ চৰবত, কৰদৈৰ চৰবত বনাই বিক্ৰী কৰাৰ কথা ভাবিলো। শিৱসাগৰত মই এটা প্ৰশিক্ষণ লৈছিলো। তাত শিকাইছিল যে পুৰণা বটল ব্যৱহাৰ কৰিলে ভালকৈ ধুই ষ্টেৰিলাইজ কৰিব লাগে আৰু ছীল হিচাপে কাঠ বা কুঁহিলাৰ ছীল ব্যৱহাৰ কৰিব লাগে। আমি বিয়েৰ বাৰৰ পৰা বটল আনি ধুই ষ্টেৰিলাইজ কৰি ৰ'দত শুকুৱাই ছিলভাৰ ফইলেৰে আকৰ্ষণীয়কৈ ছীল কৰিছিলো। বিভিন্ন ৰঙৰ কাগজ কিনি লেবেল বনাইছিলো।

প্ৰথম কৃষি বিশ্ববিদ্যালয়ৰ হ'ম ছাইন্স বিভাগৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা প্ৰদৰ্শনীত মই মোৰ সামগ্ৰী সমূহ প্ৰদৰ্শন কৰিছিলো। শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে মোৰ সামগ্ৰী সমূহ শলাগিছিল। দ্বিতীয় বাৰ কৃষি বিশ্ববিদ্যালয়ৰ ফাৰ্মাছ ফেয়াৰলৈ মোক নিমন্ত্ৰণ কৰিছিল। সেই ফেয়াৰলৈ মই ৰবাব টেঙাৰ জুছ বনাই নিছিলো। ফেয়াৰলৈ এপেডাৰ (এগ্ৰিকালচাৰ প্ৰচেচ ফুড এক্সপৰ্ট ডেভেলপমেন্ট অথৰিটী) ৰিজিঅ'নেল মেনেজাৰ বিদ্যুৎ বৰা আহিছিল। মোৰ ষ্টল খনৰ ওচৰলৈ আহি ৰবাব টেঙাৰ জুছ দেখি তেওঁ মাত্ৰ এটা কথা ক'লে যে এইটো এক্সপৰ্ট হোৱা বস্তু। আপুনি অতি সোনকালে গুৱাহাটীলৈ আহক। মই আপোনাক দিল্লী পঠিয়াম।ৰাতিপুৱা মোৰ স্বামীয়ে কৈছিলে যে তুমি ইমান কষ্ট কৰা মই তোমাক বহু ওপৰলৈ যোৱাটো বিচাৰোঁ। সেইদিনা সভাত মোক প্ৰথমবাৰৰ বাবে এখন গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে 'বেষ্ট ৱমেন অন্ট্ৰপ্ৰিনিঅ'ৰ অৱ দ্য ইয়েৰ এৱাৰ্ড' ঘোষণা কৰিছিল।

তাৰপাছত স্বামী আৰু মই গুৱাহাটীলৈ গৈ বিদ্যুৎ বৰাক লগ কৰিলো। তেওঁৰ সহযোগত দিল্লীত এপেডাই আয়োজন কৰা 'আহাৰ' শীৰ্ষক ফুড প্ৰচেচিঙ ট্ৰেড ফেয়াৰলৈ গলো। তাত বিভিন্ন মেচিনেৰী সামগ্ৰীৰ প্ৰদৰ্শন, বায়াৰ ছেলাৰ মিট আৰু বিভিন্ন ছেমিনাৰ আদি হৈছিল। সেই ফেয়াৰলৈ আমি আন কিছু সামগ্ৰীৰ লগতে ৰবাব টেঙাৰ জুছ লৈ গৈছিলো। দেশী-বিদেশী ব্ৰেণ্ডেড কম্পেনিয়ে প্ৰদৰ্শন কৰা আকৰ্ষণীয় পেকেজিঙ সামগ্ৰীৰ তুলনাত আমি ঘৰুৱা ভাবে তৈয়াৰ কৰা সামগ্ৰী উলিয়াবলৈ লাজ পাইছিলো। সেই প্ৰদৰ্শনীত ৰবাব টেঙাৰ জুছৰ বটল দেখি কানাডাৰ এজন লোকে মোৰ স্বামীক সেয়া কি সুধিছিল। স্বামীয়ে বুজাই দিয়াত তেওঁ সুধিছিল যে আমি তেওঁক টু কন্টেইনাৰ ৰবাব টেঙাৰ জুছ দিব পাৰিম নেকি। কিন্তু টু কন্টেইনাৰ মানে কিমান পৰিমাণ আমি ধৰিব পৰা নাছিলোঁ। বিদ্যুৎ বৰাই বুজাই কৈছিল যে টু কন্টেইনাৰ মানে দুখন ৰেলৰ যিমান ডবা হ'ব সেই পৰিমাণেৰে জাহাজৰ টু কন্টেইনাৰ হয়। আমি আচৰিত হৈছিলো। কাৰণ নৰ্থ-ইষ্টৰ সকলো ৰবাব টেঙা গোটালেও টু কন্টেইনাৰ প্ৰস্তুত কৰিব পৰা নাযাব। সেই ফেয়াৰত আমি বহু কথা শিকিলো আৰু সিদ্ধান্ত ল'লো যে আমি সঁচাকৈ কিবা এটা কৰিম।

দিল্লীৰ পৰা অহাৰ দুদিন মানৰ পিছতে নেডফিৰ সহযোগত মহীশূৰত আয়োজিত দুটা সুকীয়া প্ৰশিক্ষণত মই আৰু স্বামীয়ে অংশগ্ৰহণ কৰিছিলো।তাত প্ৰশিক্ষণ লওঁতে শিকিলো ৰ'দত নিদিয়াকৈয়ো আচাৰ আদি বনাই কেনেকৈ বহু দিন সংৰক্ষণ কৰিব পাৰি। ফুড প্ৰচেচিঙ টেকন'লজীৰ বিষয়ে জানিলোঁ। যোৰহাটলৈ আহি আমি এফ.পি.অ.(ফুড প্ৰডাক্ট অৰ্ডাৰ),যিটো আজিকালি এফ.এছ.এছ.আই. বুলি জনা যায়, সেই নম্বৰৰ বাবে আবেদন কৰিবলৈ DRDA অফিচলৈ গলো। মিনিষ্ট্ৰি অৱ ফুড প্ৰচেচিঙ গভট অৱ ইণ্ডিয়াই এই নম্বৰ দিয়ে। কিন্তু সেই সময়ত এফ.পি.অ. নম্বৰ পোৱা সহজ নাছিল আৰু এফ.পি.অ. নম্বৰ নোহোৱাকৈ ব্যৱসায়িক ভিত্তিত সামগ্ৰী বজাৰত দিব নোৱাৰি। DRDA অফিচলৈ গৈ বিষয়া মুকেশ চাহুক লগ কৰিলো। আমাৰ ব্যৱসায়ৰ পৰা কিমান মানুহ লাভান্বিত হ'ব তেওঁ সুধিছিল। আমি কৈছিলো ১০ জন লোক পোনপটীয়াকৈ স্বাৱলম্বী হোৱাৰ উপৰি আৰু শতাধিক লোক উপকৃত হ'ব। আমাৰ পৰিকল্পনাত সন্তুষ্ট হৈ তেওঁ এটা প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যৱস্থা কৰি দিয়াৰ লগতে এফ.পি.অ. নম্বৰৰ বাবে সকলো খিনি সুবিধা কৰি দিলে। উজনি অসমত প্ৰথম আমাৰ উদ্যোগটোৱে এফ.পি.অ. নম্বৰ পাইছিল। বৰ্তমান দহ গৰাকী মহিলা লৈ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচী কৰি আহিছো। কম পইচাৰে ঘৰত থকা বস্তুৰে কেনেকৈ উদ্যোগ গঢ়িব পাৰোঁ সেই বিষয়ে প্ৰশিক্ষণ দিওঁ। ভোট জলকীয়া,খৰিচাৰ আচাৰ, কুজি থেকেৰা,আম পান্না,বেল, কৰদৈ, আমলখি আদি থলুৱা ফল-মূলৰ পৰা আচাৰ, জাম, জেলী বনাই মাৰ্কেটত দিছো। বাঁহ গাজৰ পৰা পৰা ১২ টা প্ৰডাক্ট বনাইছো। আমাৰ ব্ৰেণ্ডটোৰ নাম দিলো 'মেঘাজ ফুড প্ৰডাক্ট'। অসমৰ প্ৰায়বোৰ ঠাইৰ লগতে মুম্বাইৰ নৰ্থ ইষ্ট এগ্ৰিকালচাৰ মাৰ্কেটিঙ কৰ্পৰেচনৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত আমাৰ প্ৰডাক্টবোৰো মাৰ্কেটিঙ কৰিছোঁ। তেওঁলোকৰ সহযোগত আমি দেশ-বিদেশৰ বিভিন্ন ট্ৰেড ফেয়াৰলৈ গৈছো। ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেকেজিঙ মুম্বাই লৈ গৈ পেকেজিঙৰ কথা শিকিলো। মাছৰুম মাৰ্কেটত এছটাব্লিছ কৰিলো। তিতাবৰত প্ৰথম কেইজন মান যুৱকে মাছৰুমৰ খেতি কৰিছিল। কিন্তু মানুহে খাবলৈ ভয় কৰিছিল। অসমত প্ৰথম প্ৰাঞ্জল বৰুৱাই মাছৰুমৰ ব্যৱসায় প্ৰসাৰ কৰিছিল। গুৱাহাটীৰ এখন ট্ৰেড ফেয়াৰত তেওঁৰ মাছৰুমৰ প্ৰডাক্ট বোৰ দেখিলো।মই তাতেই মাছৰুম কিনি লৈ ফাঁচী বজাৰৰ পৰা কন্টেইনাৰ আনি হোটেলৰ কিটচেনত আচাৰ বনাই সেই ট্ৰেড ফেয়াৰতে বিক্ৰী কৰিলোঁ। যোৰহাট ট্ৰেড ফেয়াৰত মাছৰুমৰ পকৰা বনাই মানুহৰ যথেষ্ট সঁহাৰি পাইছিলো। প্ৰশিক্ষণেৰে উদ্যোগী মনোভাব গঢ়াৰ প্ৰয়াস আমাৰ চেন্টাৰত বিভিন্ন প্ৰশিক্ষণ দিয়াৰ উপৰি চৰকাৰী-বেচৰকাৰী সংগঠন, সংস্থা আদিত হাজাৰ হাজাৰ লাকক প্ৰশিক্ষণ দিছোঁ। উত্তৰ-পূৰ্বাঞ্চললৈও প্ৰশিক্ষণৰ বাবে গৈছোঁ। ইয়াৰোপৰি যোৱা দহ বছৰ ধৰি ৰেডিঅ'ৰ অনুষ্ঠান কৰি আহিছো। ডিব্ৰুগড় ৰেডিঅ' চেন্টাৰত 'লখিমী' অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে কৃষকসকল উপকৃত হোৱাকৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছো। অলপতে গুৱাহাটীস্থিত আই.আই.ই.ত তিনি দিনীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে 'আউটষ্টেণ্ডিঙ পাৰ্ফমেন্স ৱ'মেন এমপাৱাৰমেন্ট এৱাৰ্ড' লাভ কৰিলোঁ।

**সংগ্রহীত**

**অনুগ্রহ কৰি পেজটো লাইক কৰিব***

21/08/2022

Aanan's Pickles & More is a subsidiary of Meghalee Food Products.

Aanan's Pickles & More is basically dealing with Non Veg Pickles.

Address

Jorhat
Jorhat
785001

Telephone

+919101412283

Website

Alerts

Be the first to know and let us send you an email when Aanan's Pickles & More posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aanan's Pickles & More:

Share